top of page

Search Results

77 results found with an empty search

  • পহলগাম আক্ৰমণক লৈ বলীউডতো ক্ষোভৰ জোৱাৰ!

    পহলগাম আক্ৰমণক লৈ বলীউডতো ক্ষোভৰ জোৱাৰ কেৱল বলীউডেই নহয়, ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহু তাৰকাই পহলগামত সংঘটিত হোৱা আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এতিয়া এই তালিকাত জাভেদ আখতাৰ আৰু আলিয়া ভাটৰ নামো সংযোজন হৈছে। এই আক্ৰমণত নিহত হোৱা নিৰীহ লোকক আলিয়া ভাটে শ্ৰদ্ধাঞ্জলি জনোৱাৰ বিপৰীতে জাভেদ আখতাৰে এই আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিছে।কেৱল অভিনেতাসকলেই নহয়, পহলগামত এই আক্ৰমণৰ পিছত সাধাৰণ জনতাৰ মাজতো ক্ষোভ আৰু ক্ষোভ স্পষ্টকৈ দেখা গৈছে।

  • অসমৰ সাংস্কৃতিক জগতৰ বাবে এটি দুঃখবৰ

    অসমৰ সাংস্কৃতিক জগতৰ বাবে এটি দুঃখবৰ অসমৰ সাংস্কৃতিক জগতৰ বাবে এটি দুঃখবৰ। জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ দেহাৱসান।বেহাৰবাৰী আউটপোষ্ট নামৰ বহুল প্ৰচলিত ধাৰাবাহিকখনত এটা জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰিছিল ফাইলাও বসুমতাৰীয়ে। বসু দা হিচাপেই জনপ্ৰিয় ফাইলাও বসুমতাৰী যোৱা কিছুদিন ধৰি যকৃত জনিত ৰোগত আক্ৰান্ত হৈ আছিল। নিশা চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ।মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৫৪ বছৰ। উল্লেখ্য যে, ফাইলাও বসুমতাৰী বড়ো সংগীত জগততো আছিল যথেষ্ট জনপ্ৰিয়। ফাইলাও বসুমতাৰীৰ বিয়োগত বেহাৰবাৰী আউট পোষ্টৰ কলা, কুশলীসকলে সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

  • গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

    গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। অখ্যাত একাউণ্টৰ পৰা বোমা দিয়াৰ ভাবুকি। আৰক্ষীৰ মাজত ইতিমধ্যেই হাহাকাৰ লাগিছে। তন্ন-তন্নকৈ পৰীক্ষা কৰিছে সকলো। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

  • আজি ৰঙালী বিহুৰ সপ্তম দিন তথা ব’হাগৰ ৬ তাৰিখ

    আজি ৰঙালী বিহুৰ সপ্তম দিন তথা ব’হাগৰ ৬ তাৰিখ আজি সাত বিহুৰ শেষৰ দিন চেৰা বিহু৷এই বিহুক কোনো কোনোয়ে এৰা বিহু বুলিও কয় ৷ প্ৰতিটো বিহুৰ দৰে ৰঙালীৰ চেৰা বিহুৰো বিশেষ গুৰুত্ব আছে। ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ মুঠ সাতদিন পালন কৰা হয়। প্ৰত্যেক দিনৰে একোটাকৈ সুকীয়া সুকীয়া নাম আছে। এই সাতটা বিহুক ‘সাতবিহু’ নামেৰে জনা যায়। চেৰা বিহু হৈছে সাতবিহুৰ শেষৰ দিনটো। চেৰা বিহু বুলিলে সপ্তম আৰু অন্তিম বিহুক বুজায়৷ চেৰা শব্দৰ অৰ্থ হ’ল অৱসান বা ত্যাগ।এই দিনটোত উজনি অসমত কোনো কোনোৱে হাঁচতি আগবঢ়াই বৰগছৰ গুৰিত বিহু উৰাই আহে। উজনি-নামনি উভয়তে সাতশাকী খোৱাৰ নিয়ম আছে।সেই নিয়ম আজিও প্ৰচলিত হৈ আছে।

  • বহি : ৰাষ্ট্ৰ বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন।

    বহি : ৰাষ্ট্ৰ বাংলাদেশত অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন। বাংলাদেশৰ মেডিকেল কলেজত অসমৰ ছাত্ৰ ছাত্ৰীয়ে স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন কৰে। অসমৰ উজনিৰ পৰা নামনিলৈ সকলো ফালে ৰঙালী বিহুৰ পাৰভঙা উছাহ । বাংলাদেশৰ মেডিকেল কলেজত অসমৰ ছাত্ৰ ছাত্ৰীয়ে অসমৰ স্বাভিমান অসমৰ জাতীয় উৎসৱ বিহু উদযাপন কৰে। অসমৰ বিভিন্ন ঠাইৰ পৰা বাংলাদেশত অধ্যয়ন কৰিবলৈ যোৱা চিকিৎসাবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়ে মিলি এইবাৰ বাংলাদেশত বিহু উদযাপন কৰে। অসম স্টুডেন্ট কমিউনিটি ঢাকাৰ উদ্যোগত বৃহস্পতিবাৰে ধানমন্ডীত অনুষ্ঠিত কৰা হয় বিহু উৎসৱৰ।

  • এখন যাত্ৰাৰত স্ক’ৰপিঅ’ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা প্ৰায় ১০০ ফুট তললৈ বাগৰি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে চাৰিজন লোকে

    এখন যাত্ৰাৰত স্ক’ৰপিঅ’ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা প্ৰায় ১০০ ফুট তললৈ বাগৰি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে চাৰিজন লোকে এখন যাত্ৰাৰত স্ক’ৰপিঅ’ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা প্ৰায় ১০০ ফুট তললৈ বাগৰি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে চাৰিজন লোকে। আনহাতে দুজন লোক গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত। আহত দুয়োজন লোক সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।এখন যাত্ৰাৰত স্ক’ৰপিঅ’ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা প্ৰায় ১০০ ফুট তললৈ বাগৰি পৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছে চাৰিজন লোকে। আনহাতে দুজন লোক গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত। আহত দুয়োজন লোক সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। নিহত লোককেইজনক ভেদাঘাট চৌকিতালৰ নিবাসী কিষাণ পেটেল, সাগৰ পেটেল, ৰাজেন্দ্ৰ পেটেল আৰু মহেন্দ্ৰ পেটেল বুলি চিনাক্ত কৰা হৈছে। আনহাতে আহত দুই যাত্ৰী মনোজ পেটেল আৰু জিতেন্দ্ৰ পেটেলক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

  • ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

    ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা এইবাৰ মুঠ ৪,২২,৭৩৭ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে ২,৭০,৪৭১জন পৰীক্ষাৰ্থী হৈছে উত্তীৰ্ণ। প্ৰথম বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ৮৯০৪১ জন।দ্বিতীয় বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ১৩৫৫৬৮ জন।৪৫৮৬২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে তৃতীয় বিভাগত।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবছৰৰ উত্তীৰ্ণৰ হাৰ৬৩.৯৮শতাংশ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা অমিশী শইকীয়াই লাভ কৰিছে ৫৯১ নম্বৰ।যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰীগৰাকীয়ে ৬০০ নম্বৰৰ ভিতৰত এই নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে, দ্বিতীয় স্থান লাভ কৰা সপ্তৰ্শ্ব বৰদলৈ অসম জাতীয় বিদ্যালয় নুনমাটিৰ ছাত্ৰ। তেওঁ মুঠ ৫৯০ নম্বৰ লাভ কৰিছে। ইফালে, প্ৰজ্ঞা একাডেমীৰে আন এগৰাকী ছাত্ৰ অনিৰ্বাণ বৰ্মনে ৬০০ নম্বৰৰ ভিতৰত ৫৮৯% নম্বক লাভ কৰিছে। এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত শিৱসাগৰ জিলা।জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ। দ্বিতীয় স্থানত ৮১.১০ শতাংশৰে জিলিকিছে ডিব্ৰুগড় জিলা।৮০.৬১ শতাংশ হাৰেৰে তৃতীয় স্থানত ধেমাজি জিলা।আনহাতে ফলাফলৰ উত্তীৰ্ণৰ হাৰৰ সৰ্বনিম্নত শ্ৰীভূমি জিলা আৰু জিলাখনত উত্তীৰ্ণৰ হাৰ ৪৭.৯৬ শতাংশ।

  • নাইকীয়া হ'ব নেকি বিহুৰ আনন্দ

    নাইকীয়া হ'ব নেকি বিহুৰ আনন্দ সন্মুখত হেঁপাহৰ ৰঙালী বিহু। বিহুলৈ মাজত মাত্ৰ দুটামান দিন । চৌদিশে এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি। সাজু নাচনী,ঢুলীয়া,। শিপিনীৰ হিচাপ কোনে কেইখন গামোচা উলিয়াব পাৰে। বিহুৰ উৎসাহৰ মাজতেই যেন ৰাজ্য বাসীয়ে পাইছে এক বেয়া খবৰ। এইবাৰ বিহুত বতৰে দিব বিধি পথালি। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যেই জাৰী কৰিছে সতৰ্কবাণী। ঘণ্টাত ৮০ কিঃমিঃ বেগত আহি আছে প্ৰচণ্ড ধুমুহা । এই ধুমুহাৰ প্ৰভাৱ অসমতো পৰিব লগতে বৰঝাৰ স্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে yellow এলাৰ্ট। আগন্তুক ৫ দিনলৈ ৰাজ্যত হ'ব ধাৰাষাৰ বৰষুণ। সেয়ে চিন্তিত হৈছে এতিয়া ৰাজ্যবাসী। বতৰৰ বাবেই হেঁপাহৰ ৰঙালী বিহুটিক ভালদৰে আদৰিবলৈ নাপাব বুলি চিন্তিত সকলো অসমীয়া

  • আজি ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

    আজি ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই কথা টুইটযোগে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে নিজৰ এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘‘সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে - মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্রকাশ কৰা নহয়। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ’ব।’’ উল্লেখ্য যে, একাংশ সংবাদ মাধ্যমত ১০ এপ্ৰিলত মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ খবৰ প্ৰকাশ পাইছিল । লগে লগে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উত্তেজনা বৃদ্ধি পায়। কিন্তু ফলাফল সন্দৰ্ভত শিক্ষা বিভাগ তথা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পৰা কোনো ধৰণৰ অনুষ্ঠানিক তথ্য লাভ নকৰাত উদ্বেগ প্ৰকাশ কৰে একাংশই। ইয়াৰ পাছতে সামাজিক মাধ্যমযোগে এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

  • ডমিনিকান ৰিপাব্লিকৰ ৰাজধানী ছান্টো ডমিংগোৰ এটা নাইট ক্লাৱত ভয়ংকৰ ঘটনা

    ডমিনিকান ৰিপাব্লিকৰ ৰাজধানী ছান্টো ডমিংগোৰ এটা নাইট ক্লাৱত ভয়ংকৰ ঘটনা ডমিনিকান ৰিপাব্লিকৰ ৰাজধানী ছান্টো ডমিংগোৰ এটা নাইট ক্লাৱত ভয়ংকৰ ঘটনা। নাইট ক্লাৱটোৰ চাদ খহি প্ৰায় ৭৯ জন লোকৰ মৃত্যু। লগতে ১৫৫ জনতকৈ অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। মঙলবাৰে জেট চেট নাইট ক্লাৱত জনপ্ৰিয় মেৰেংগু গায়ক ৰুবি পেৰেজৰ সংগীতানুষ্ঠানত সংঘটিত হয় এই ঘটনা। মৃত্যু হোৱা লোকসকলৰ ভিতৰত আছিল এজন প্ৰাদেশিক গৱৰ্ণৰ আৰু মেজৰ লীগ বেছবলৰ প্ৰাক্তন পিটচাৰ অক্টাভিঅ’ ডটেল। উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ সময়ত নাইট ক্লাৱটোত কেইবা শতাধিক লোক উপস্থিত আছিল। বৰ্তমান উদ্ধাৰকাৰী দলে এতিয়াও জীৱিত লোকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে।

Subscribe to Our Newsletter

  • White Facebook Icon

© 2035 by PB Sangabd. Powered and secured by PB Sangbad

bottom of page