২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
- PB Sangbad
- Apr 11
- 1 min read

এইবাৰ মুঠ ৪,২২,৭৩৭ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত। ইয়াৰে ২,৭০,৪৭১জন পৰীক্ষাৰ্থী হৈছে উত্তীৰ্ণ। প্ৰথম বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ৮৯০৪১ জন।দ্বিতীয় বিভাগ লাভ কৰা পৰীক্ষাৰ্থীৰ সংখ্যা ১৩৫৫৬৮ জন।৪৫৮৬২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে তৃতীয় বিভাগত।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এইবছৰৰ উত্তীৰ্ণৰ হাৰ৬৩.৯৮শতাংশ।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা অমিশী শইকীয়াই লাভ কৰিছে ৫৯১ নম্বৰ।যোৰহাটৰ প্ৰজ্ঞা একাডেমীৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ ছাত্ৰীগৰাকীয়ে ৬০০ নম্বৰৰ ভিতৰত এই নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে, দ্বিতীয় স্থান লাভ কৰা সপ্তৰ্শ্ব বৰদলৈ অসম জাতীয় বিদ্যালয় নুনমাটিৰ ছাত্ৰ। তেওঁ মুঠ ৫৯০ নম্বৰ লাভ কৰিছে। ইফালে, প্ৰজ্ঞা একাডেমীৰে আন এগৰাকী ছাত্ৰ অনিৰ্বাণ বৰ্মনে ৬০০ নম্বৰৰ ভিতৰত ৫৮৯% নম্বক লাভ কৰিছে।
এইবাৰৰ ফলাফলত উত্তীৰ্ণৰ হাৰৰ শীৰ্ষত শিৱসাগৰ জিলা।জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৮৫.৫৫ শতাংশ। দ্বিতীয় স্থানত ৮১.১০ শতাংশৰে জিলিকিছে ডিব্ৰুগড় জিলা।৮০.৬১ শতাংশ হাৰেৰে তৃতীয় স্থানত ধেমাজি জিলা।আনহাতে ফলাফলৰ উত্তীৰ্ণৰ হাৰৰ সৰ্বনিম্নত শ্ৰীভূমি জিলা আৰু জিলাখনত উত্তীৰ্ণৰ হাৰ ৪৭.৯৬ শতাংশ।
Comments