নাইকীয়া হ'ব নেকি বিহুৰ আনন্দ
- PB Sangbad
- Apr 10
- 1 min read

সন্মুখত হেঁপাহৰ ৰঙালী বিহু। বিহুলৈ মাজত মাত্ৰ দুটামান দিন । চৌদিশে এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি। সাজু নাচনী,ঢুলীয়া,। শিপিনীৰ হিচাপ কোনে কেইখন গামোচা উলিয়াব পাৰে।
বিহুৰ উৎসাহৰ মাজতেই যেন ৰাজ্য বাসীয়ে পাইছে এক বেয়া খবৰ। এইবাৰ বিহুত বতৰে দিব বিধি পথালি। বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যেই জাৰী কৰিছে সতৰ্কবাণী।
ঘণ্টাত ৮০ কিঃমিঃ বেগত আহি আছে প্ৰচণ্ড ধুমুহা । এই ধুমুহাৰ প্ৰভাৱ অসমতো পৰিব লগতে বৰঝাৰ স্থিত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে yellow এলাৰ্ট। আগন্তুক ৫ দিনলৈ ৰাজ্যত হ'ব ধাৰাষাৰ বৰষুণ।
সেয়ে চিন্তিত হৈছে এতিয়া ৰাজ্যবাসী। বতৰৰ বাবেই হেঁপাহৰ ৰঙালী বিহুটিক ভালদৰে আদৰিবলৈ নাপাব বুলি চিন্তিত সকলো অসমীয়া
Comments